Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-Hashr — Ayah 7

مَّآ أَفَآءَ ٱللَّهُ عَلَىٰ رَسُولِهِۦ مِنۡ أَهۡلِ ٱلۡقُرَىٰ فَلِلَّهِ وَلِلرَّسُولِ وَلِذِي ٱلۡقُرۡبَىٰ وَٱلۡيَتَٰمَىٰ وَٱلۡمَسَٰكِينِ وَٱبۡنِ ٱلسَّبِيلِ كَيۡ لَا يَكُونَ دُولَةَۢ بَيۡنَ ٱلۡأَغۡنِيَآءِ مِنكُمۡۚ وَمَآ ءَاتَىٰكُمُ ٱلرَّسُولُ فَخُذُوهُ وَمَا نَهَىٰكُمۡ عَنۡهُ فَٱنتَهُواْۚ وَٱتَّقُواْ ٱللَّهَۖ إِنَّ ٱللَّهَ شَدِيدُ ٱلۡعِقَابِ ٧
আল্লাহে গাওঁবাসীসকলৰ পৰা যি ধন যুদ্ধ নকৰাকৈ তেওঁৰ ৰাছুলক দান কৰিছে সেয়া হৈছে আল্লাহৰ। তেওঁ যাক ইচ্ছা কৰে প্ৰদান কৰে। ইয়াৰ ওপৰত কৰ্তৃত্ব কেৱল তেওঁৰ ৰাছুলৰ আৰু তেখেতৰ নিকটৱৰ্তীসকলৰ অৰ্থাৎ বনী হাশ্বিম আৰু বনী মুত্তালিবৰ। কিয়নো তেওঁলোকক যাকাতৰ ধনৰ পৰা বিৰত ৰখা হৈছে। আৰু অনাথ তথা দুখীয়াসকলৰ বাবে আৰু মুছাফিৰ ব্যক্তিৰ বাবে যাৰ ওচৰত খৰচ কৰিবলৈ একোৱেই নাই। এই আদেশ এই কাৰণে দিয়া হৈছে যে, ধন যাতে কেৱল ধনী ব্যক্তিসকলৰ মাজতে সীমাবদ্ধ নাথাকে আৰু যাতে দুখীয়াসকলে তাৰ পৰা বঞ্চিত নাথাকে। হে মুমিনসকল! ৰাছুলে তোমালোকক বিনা যুদ্ধে প্ৰাপ্ত হোৱা ধনৰ পৰা যি দিয়ে, সেয়া গ্ৰহণ কৰা আৰু যাৰ পৰা নিষেধ কৰে তাৰ পৰা বিৰত থাকা। লগতে আল্লাহৰ আদেশসমূহ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰা। নিশ্চয় আল্লাহ কঠোৰ শাস্তি প্ৰদানকাৰী। গতিকে তেওঁৰ শাস্তিৰ পৰা সতৰ্ক থাকিবা।