Assamese Abridged Explanation of the Quran
2:15 - 2:15

সিহঁতে মুমিনসকলৰ লগত উপহাস কৰাৰ কাৰণে স্বয়ং আল্লাহে সিহঁতৰ লগত উপহাস কৰে। কিয়নো আমলৰ প্ৰতিদান সেই শ্ৰেণীৰ আমলৰ দ্বাৰাই দিয়া হয়। এই কাৰণেই পৃথিৱীত সিহঁতৰ ওপৰত মুমিনসকলৰ বিধান জাৰি কৰিছে কিন্তু আখিৰাতত সিহঁতক কুফৰ আৰু নিফাকৰ প্ৰতিদান দিয়া হ'ব। এইদৰে আল্লাহে সিহঁতক পথভ্ৰষ্টতা আৰু অবাধ্যতাৰ মাজত পৰি থাকিবলৈ অৱকাশ দিয়ে। ফলত সিহঁত হয়ৰান-পৰেচান হৈ দোদুল্যমান অৱস্থাত থাকে।