যিহেতু পূৰ্বৱৰ্তী সতৰ্কবাণী কাফিৰসকলৰ বাবে আছিল। সেয়ে হে নবী! আপুনি আল্লাহৰ প্ৰতি বিশ্বাসী নেক আমলকাৰী মুমিনসকলক আনন্দৰ সংবাদ দিয়ক। তেওঁলোকক সেই জান্নাতৰ সুসংবাদ দিয়ক যাৰ বৃক্ষ আৰু অট্টালিকাৰ তলত নদীসমূহ প্ৰবাহিত হব। যেতিয়াই তেওঁলোকক সেই জান্নাতৰ ফলমূল খাবলৈ দিয়া হব, পৃথিৱীৰ ফলৰ লগত সাদৃশ্য হোৱাৰ কাৰণে তেওঁলোকে কব, এইটো দেখুন তেনেকুৱাই ফল যিটো ইয়াৰ পূৰ্বে আমাক দিয়া হৈছিল। দৰাচলতে তেওঁলোকক সমআকৃতি আৰু সমনামী ফল এই কাৰণেই দিয়া হব যাতে তেওঁলোক অতিসোনকালে সেইপিনে আকৰ্ষিত হয়। কিন্তু সোৱাদ আৰু জুতি হব বেলেগ। তেওঁলোকৰ বাবে জান্নাতত এনেকুৱা স্ত্ৰী থাকিব যিসকল সেই সকলো ঘৃণনীয় দোষৰ পৰা পৱিত্ৰ হব যিবোৰ মানুহে বেয়া পায়। তেওঁলোক চিৰস্থায়ী নিয়ামতৰ মাজত অৱস্থান কৰিব, যি নিয়ামত কেতিয়াও শেষ নহব। যিদৰে পৃথিৱীৰ ভোগ-বিলাস সমাপ্ত হৈ যায়।