Assamese Abridged Explanation of the Quran
2:27 - 2:27

যিসকলে এক আল্লাহৰ ইবাদত আৰু তেওঁৰ ৰাছুলৰ অনুসৰণৰ সেই অঙ্গীকাৰ ভঙ্গ কৰে, যিটো সিহঁতে আল্লাহৰ লগত কৰিছিল আৰু যি বিষয়ে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পূৰ্বৱৰ্তী সকলো নবীয়ে সংবাদ দিছিল। সিহঁতেই আত্মীয়তাৰ বন্ধন বিচ্ছিন্ন কৰে যিবোৰৰ লগত সুসম্পৰ্ক গঢ়িবলৈ আল্লাহে নিৰ্দেশ দিছে। আৰু এইসকল লোকে পাপ কৰ্মৰ দ্বাৰা পৃথিৱীত উপদ্ৰৱ কৰি ফুৰে। এই ধৰণৰ মানুহেই হৈছে পৃথিৱী আৰু আখিৰাতত দুৰ্ভগীয়া।