Assamese Abridged Explanation of the Quran
2:62 - 2:62

এই উম্মতৰ যিসকলে ঈমান আনিছে আৰু এইদৰে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পূৰ্বে যিসকলে সেই সময়ৰ নবীৰ প্ৰতি ঈমান পোষণ কৰিছিল, যেনে- ইয়াহুদী, খৃষ্টান, ছাবেয়ী। এইসকল লোকৰ মাজত যিসকলে প্ৰকৃতাৰ্থত আল্লাহৰ প্ৰতি তথা আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰিছিল তেওঁলোকৰ ছোৱাব তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আছে। আখিৰাতত তেওঁলোকৰ কোনো ভয় নাথাকিব আৰু পৃথিৱীতো কোনো বস্তু নোপোৱাৰ বাবে চিন্তিতও নহব।