Assamese Abridged Explanation of the Quran
2:67 - 2:67

তোমালোকৰ পূৰ্বপুৰুষসকলৰ সেই সমূহ ঘটনাক স্মৰণ কৰা যিবোৰ ঘটনা সিহঁতৰ আৰু মূছা আলাইহিছ ছালামৰ মাজত সংঘটিত হৈছিল। যেতিয়া মূছা আলাইহিছ ছালামে সিহঁতক কৈছিল, আল্লাহে তোমালোকক এজনী গাই গৰু জবেহ কৰিবলৈ নিৰ্দেশ দিছে। তেতিয়া সিহঁতে আল্লাহৰ আদেশ পালনত ততাতৈয়া কৰাৰ পৰিবৰ্তে অৱহেলা তথা অভিমান প্ৰদৰ্শন কৰি কলেঃ তুমি আমাৰ লগত ধেমালি কৰি আছা নেকি? তেতিয়া মূছা আলাইহিছ ছালামে কলে, মই সেই সকল লোকৰ অন্তৰ্ভুক্ত হোৱাৰ পৰা আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰো যিসকলে আল্লাহৰ ওপৰত মিছা আৰোপ কৰে আৰু মানুহক উপহাস কৰে।