Assamese Abridged Explanation of the Quran
2:71 - 2:71

তেতিয়া মূছা আলাইহিছ ছালামে ক’লেঃ আল্লাহ তাআলাই কৈছেঃ সেইজনী এনেকুৱা গাই হ’ব লাগিব যিজনীক মাটি চহাবলৈ বা খেতিত পানী দিবলৈ ব্যৱহাৰ কৰা হোৱা নাই লগতে গাইজনী নিখুঁত হ’ব লাগিব। আৰু তাৰ ওপৰত হালধীয়া ৰঙৰ বাহিৰে আন কোনো ৰঙৰ যাতে এটা দাগো নাথাকে। তেতিয়া সিহঁতে ক’লেঃ এতিয়া তুমি বৈশিষ্ট্যৰ সুক্ষ্ম বৰ্ণনা দিছা। এই বৰ্ণনাই সঠিক গাই পোৱাত সহজ হ’ব। তাৰ পিছত সিহঁতে গাই জবেহ কৰিলে। দৰাচলতে সিহঁতৰ বাদ-বিবাদ আৰু আকোঁৰগোজে এইটো প্ৰকাশ কৰিছিল যে সিহঁতে গাই জবেহ নকৰিব।