Assamese Abridged Explanation of the Quran
2:72 - 2:72

আৰু সেই সময়ছোৱাক স্মৰণ কৰা যেতিয়া তোমালোকে নিজৰ সম্প্ৰদায়ৰে এজন ব্যক্তিক হত্যা কৰি ইজনে সিজনক দোষাৰোপ কৰিছিলা। প্ৰত্যেকেই নিজকে দোষমুক্ত আৰু আনক অপৰাধী বনোৱাৰ প্ৰয়াস কৰি আছিলা। অৱশেষত পৰস্পৰে কাজিয়াত লিপ্ত হৈছিলা। আনহাতে আল্লাহে সেই নিৰপৰাধ ব্যক্তিৰ হত্যাৰ বিষয়টো প্ৰকাশ কৰিব বিচাৰিছিল যিটো তোমালোকে গোপন কৰিব বিচাৰিছিলা।