Assamese Abridged Explanation of the Quran
2:79 - 2:79

এতেকে কঠিন শাস্তি সিহঁতৰ বাবে প্ৰতীক্ষা কৰি আছে, যিসকলে নিজ হাতে পুথি লিখি মিছাৰ আশ্ৰয় লৈ কয় যে, এয়া আল্লাহৰ তৰফৰ অৱতীৰ্ণ। যাতে সত্য আৰু হিদায়তৰ অনুসৰণৰ পৰিবৰ্তে পৃথিৱীত ধন-সম্পদ আৰু পদৰ দৰে তুচ্ছ মূল্য সংগ্ৰহ কৰিব পাৰে। সেয়ে সিহঁতৰ বাবে ধ্বংস আৰু শাস্তি কিয়নো সিহঁতে মিছা কথা লিখি আল্লাহৰ লগত সম্পৃক্ত কৰে। লগতে সিহঁতৰ বাবে ধ্বংস আৰু শাস্তি কিয়নো সিহঁতে ইয়াৰ পৰিবৰ্তে ধন-সম্পত্তি আৰু পদ অৰ্জন কৰে।