Assamese Abridged Explanation of the Quran
2:83 - 2:83

হে বনী ইছৰাইল! সেই দৃঢ় অঙ্গীকাৰ স্মৰণ কৰা, যিটো তোমালোকৰ পৰা লোৱা হৈছিল যে, তোমালোকে কেৱল এক আল্লাহক স্বীকাৰ কৰিবা তেওঁৰ লগত আন কাৰো উপাসনা নকৰিবা তথা পিতৃ-মাতৃ, আত্মীয় স্বজন, অনাথ আৰু দৰিদ্ৰ, অভাৱী ব্যক্তিৰ লগত সদাচৰণ কৰিবা আৰু মানুহৰ লগত উত্তম কথা কবা। ৰূঢ় স্বভাৱ আৰু কঠোৰতা পৰিহাৰ কৰি সৎকৰ্মৰ আদেশ দিবা আৰু অসৎকৰ্মৰ পৰা বিৰত ৰাখিবা লগতে আমি দেখুৱাই দিয়া নিয়মানুযায়ী ছালাত আদায় কৰিবা আৰু আনন্দচিত্তে যাকাত আদায় কৰি উপযুক্ত ব্যক্তিসকলৰ মাজত বন্টন কৰিবা। এই প্ৰতিশ্ৰুতিৰ পিছতো তোমালোকে বিমুখ হৈছিলা আৰু ইয়াৰ ওপৰত আমল কৰাৰো তোমালোকৰ কোনো চাহিদা নাছিল। কিন্তু তোমালোকৰ মাজৰ যাক আল্লাহে ৰক্ষা কৰিছিল তেওঁ এই প্ৰতিশ্ৰুতি পালন কৰিছিল তথা অঙ্গীকাৰ পূৰণ কৰিছিল।