Assamese Abridged Explanation of the Quran
2:88 - 2:88

ইয়াহুদীসকলে মুহাম্মদৰ অনুসৰণ নকৰাৰ দলীল হিচাপে কৈছিলঃ আমাৰ অন্তৰত আৱৰণ পৰিছে, সেয়ে আপোনাৰ কথা আমাৰ অন্তৰত ঢুকি নাপায় আৰু আমাৰ অন্তৰে বুজিও নাপায়। অথচ কাৰণ এইটো নহয়। প্ৰকৃত কাৰণটো হৈছে সিহঁতৰ কুফৰীৰ কাৰণে আল্লাহে সিহঁতক তেওঁৰ ৰহমতৰ পৰা আঁতৰাই দিছে। এতেকে ইহঁত আল্লাহৰ কথা অধিক মানিবলৈ যত্ন কৰা মানুহ নহয়।