Assamese Abridged Explanation of the Quran
2:93 - 2:93

তথা সেই সময়ক স্মৰণ কৰা, যেতিয়া আমি তোমালোকৰ পৰা দৃঢ় প্ৰতিশ্ৰুতি লৈছিলো যে, তোমালোকে মূছা আলাইহিছ ছালামৰ অনুসৰণ কৰিবা আৰু আল্লাহ প্ৰদত্ত চৰীয়তক আঁকোৱালী লবা। আৰু তোমালোকক ভয় দেখুৱাবলৈ আমি তোমালোকৰ ওপৰত তুৰ পৰ্বতক দাঙি ধৰিছিলো আৰু কৈছিলোঃ তাওৰাতক দৃঢ়ভাৱে ধাৰণ কৰা যিটো আমি তোমালোকক প্ৰদান কৰিছো। লগতে মানি লোৱা আৰু অনুসৰণ কৰাৰ উদ্দেশ্যে মনোযোগেৰে শুনা অন্যথা তোমালোকৰ ওপৰত আমি এই পৰ্বত পেলাই দিম। তেতিয়া তোমালোকে কৈছিলাঃ আমি কাণেৰে শুনিলো কিন্তু আমল কৰিবলৈ অস্বীকাৰ কৰিলো। দৰাচলতে সিহঁতৰ কুফৰীৰ কাৰণে সিহঁতৰ অন্তৰত দামুৰিৰ উপাসনাই শিপা মেলিছিল। হে নবী! আপুনি কৈ দিয়ক, যদি তোমালোক মুমিন তেন্তে এয়া তোমালোকৰ নিকৃষ্ট ঈমান, যি ঈমানে তোমালোকক আল্লাহৰ লগত কুফৰী কৰাৰ নিৰ্দেশ দিয়ে। কাৰণ প্ৰকৃত ঈমানৰ লগত কেতিয়াও কুফৰী সম্পৃক্ত থাকিব নোৱাৰে।