Assamese Abridged Explanation of the Quran
2:98 - 2:98

যিয়ে আল্লাহ আৰু তেওঁৰ ফিৰিস্তা লগতে তেওঁৰ ৰাছুলসকলৰ লগত শত্ৰুতা পোষণ কৰে তথা তেওঁৰ নিকটৱৰ্তী দুই ফিৰিস্তা জিব্ৰীল আৰু মিকাইলৰ লগত শত্ৰুতা কৰে তেন্তে জানি থোৱা নিশ্চয় আল্লাহ তোমালোকৰ মাজৰ কাফিৰসকলৰ শত্ৰু আৰু আন আন সম্প্ৰদায়ৰ কাফিৰ সকলৰো শত্ৰু। এতেকে যাৰ শত্ৰু স্বয়ং আল্লাহ সি নিশ্চয় স্পষ্ট ক্ষতিগ্ৰস্থ।