Assamese Abridged Explanation of the Quran
2:101 - 2:101

যেতিয়া মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ তৰফৰ পৰা নবী হৈ সিহঁতৰ ওচৰত আহিল আৰু তেখেতৰ মাজত সেই সকলো বৈশিষ্ট্য বিদ্যমান আছিল যিবোৰ তাওৰাতত বৰ্ণনা কৰা হৈছিল। তথাপিও সিহঁতৰ এটা দলে তাওৰাতৰ সেই বৰ্ণনাৰ পৰা মুখ ঘূৰাই ললে আৰু পিছফালে দলিয়াই দিলে। সিহঁত মুৰ্খৰ দৰে যিসকলে তাওৰাতত থকা সত্য আৰু হিদায়তৰ দ্বাৰা উপকৃত নহয় আৰু তাৰ যত্নও নলয়।