Assamese Abridged Explanation of the Quran
2:106 - 2:106

আল্লাহ তাআলাই বৰ্ণনা কৰিছে যে, তেওঁ যেতিয়াই কোনো আয়াতৰ বিধান মনছুখ (ৰহিত) কৰে অথবা কোনো আয়াতৰ শব্দ মনছুখ কৰি সেয়া মানুহক পাহৰাই দিয়ে তেতিয়া তাৰ ঠাইত তেনেকুৱাই আয়াত পুনৰ লৈ আহে যিটো সিহঁতৰ বাবে দুনিয়া আৰু আখিৰাত উভয় ঠাইতে বেছি লাভদায়ক হব। নাইবা বেছি নহলেও পূৰ্বৰ আয়াতৰ সমান লাভদায়ক হব আৰু এই সকলোবোৰ আল্লাহৰ জ্ঞান আৰু তেওঁৰ প্ৰজ্ঞা মুতাবিকহে সংঘটিত হয়। হে নবী আপুনি দেখুন জানেই যে, নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। তেওঁ যি বিচাৰে সেইটোৱে কৰে আৰু তেওঁ যিদৰে বিচাৰে সেইটোৱে আদেশ কৰে।