Assamese Abridged Explanation of the Quran
2:125 - 2:125

স্মৰণ কৰা সেই সময়ক যেতিয়া আল্লাহে সন্মানিত কাবা ঘৰক মানুহৰ বাবে বাৰে বাৰে অহাৰ কেন্দ্ৰৰূপে স্বীকৃতি দিছিল; যাতে মানুহৰ অন্তৰ ইয়াৰ লগত জড়িত হৈ থাকে। যেতিয়াই তাৰ পৰা উভতি আহিব, তালৈ আকৌ যোৱাৰ মন যাব। লগতে সেই ঠাইক নিৰাপত্তাস্থল বনাইছিল, যাতে তাত কোনেও নিৰ্যাতিত হব নোৱাৰে। আৰু মানুহক কৈছিলঃ সেই শিলডোখৰ থকা স্থানটোক নামাজৰ ঠাই বনাই লোৱা, যিটোৰ ওপৰত থিয় হৈ ইব্ৰাহীম আলাইহিছ ছালামে কাবা ঘৰ নিৰ্মাণ কৰিছিল। তথা আমি ইব্ৰাহীম আৰু তেওঁৰ পুত্ৰ ইছমাঈল আলাইহিমাছ ছালামক আদেশ দি কৈছিলো যে, কাবা ঘৰক আৱৰ্জনামুক্ত আৰু মুৰ্ত্তিৰ পৰা পৱিত্ৰ ৰাখিবা লগতে তাৱাফ, এতেকাফ আৰু ছালাত আদি আদায়কাৰীসকলৰ বাবে সদায় প্ৰস্তুত ৰাখিবা।