Assamese Abridged Explanation of the Quran
2:128 - 2:128

হে আল্লাহ! তুমি আমাক তোমাৰ আদেশ পালনকাৰী আৰু তোমাৰ সন্মুখত শিৰ নতকাৰী বনাই দিয়া যাতে আমি তোমাৰ লগত কাকো অংশীদাৰ স্থাপন নকৰো। আৰু আমাৰ বংশধৰ সকলৰ পৰা তোমাৰ এটা অনুগত জাতি উত্থিত কৰা। আৰু আমাক তোমাৰ ইবাদত কৰাৰ পদ্ধতি শিকাই দিয়া, আৰু আমাৰ গুনাহসমূহ ক্ষমা কৰা, লগতে তোমাৰ আনুগত্যত হোৱা আমাৰ ভুল-ত্ৰুটিসমূহ মাৰ্জনা কৰা। নিশ্চয় তুমি তোমাৰ তাওবাকাৰী বান্দাসকলৰ তাওবা কবুল কৰা আৰু তেওঁলোকৰ ওপৰত তুমি কৃপা কৰা।