Assamese Abridged Explanation of the Quran
2:131 - 2:131

আল্লাহে তেওঁক নিৰ্বাচন কৰাৰ কাৰণ হৈছে, তেওঁ আজ্ঞাপালনত ততাতৈয়াকৈ অগ্ৰসৰ হৈছিল। যেতিয়া তেওঁৰ প্ৰতিপালকে তেওঁক কৈছিলঃ “নিৰ্ভেজালভাৱে কেৱল মোৰেই ইবাদত কৰা আৰু মোৰ আনগত্যত শিৰ নত কৰা”। তেওঁ নিজ প্ৰতিপালকক উত্তৰ দি কৈছিলঃ “মই বান্দাসকলৰ সৃষ্টিকৰ্তা আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিলো যিজন তেওঁলোকৰ জীৱিকাদাতা লগতে তেওঁলোকৰ সকলো কৰ্মৰ নিয়ন্ত্ৰণকাৰী”।