Assamese Abridged Explanation of the Quran
2:130 - 2:130

ইব্ৰাহীম আলাইহিছ ছালামৰ দ্বীনৰ পৰা বিমুখ হৈ আন কোনো ধৰ্মৰ পিনে কেৱল সেই ব্যক্তিয়েই আকৰ্ষিত হব পাৰে যিয়ে নিৰ্বোধতা আৰু মুৰ্খতাত পৰি সত্য পৰিত্যাগ কৰি পথভ্ৰষ্টতাক আঁকোৱালি লৈ নিজৰ ওপৰত অন্যায় কৰিছে আৰু নিজৰ বাবে অপমান স্বীকাৰ কৰিছে। নিশ্চয় আমি তেওঁক পৃথিৱীত ৰাছুল আৰু বন্ধু বনাইছিলো তথা আখিৰাতত তেওঁ সেই সকল পূণ্যৱান ব্যক্তিৰ অন্তৰ্ভুক্ত হব যিসকলে আল্লাহৰ আদেশ পালন কৰি উচ্চ স্থান প্ৰাপ্ত কৰিছে।