Assamese Abridged Explanation of the Quran
2:155 - 2:155

আমি তোমালোকক অৱশ্যে বিভিন্ন প্ৰকাৰৰ বিপদ-আপদৰ দ্বাৰা পৰীক্ষা কৰিম। কেতিয়াবা শত্ৰুৰ ভয় আকৌ কেতিয়াবা খাদ্য বস্তুৰ অনাটনৰ বাবে ভোকৰ জৰিয়তে, কেতিয়াবা ধন-সম্পত্তিত ক্ষয়-ক্ষতি আকৌ কেতিয়াবা সেয়া অৰ্জনত বাধাৰ জৰিয়তে পৰীক্ষা কৰা হব। কেতিয়াবা বিপদ-আপদত জীৱন ধ্বংস অথবা আল্লাহৰ পথত শ্বহীদ হোৱাৰ ফলত প্ৰাণ হেৰুৱাৰ দ্বাৰা পৰীক্ষা কৰা হব। আকৌ কেতিয়াবা ভূমিজাত শস্যৰ উত্পাদনত হ্ৰাস পাব। এতেকে হে নবী! এনেকুৱা বিপদত ধৈৰ্য ধাৰণকাৰী সকলক পৃথিৱী আৰু আখিৰাতত আনন্দৰ সুসংবাদ দিয়ক।