Assamese Abridged Explanation of the Quran
2:177 - 2:177

সত্কৰ্ম যিটো আল্লাহে পছন্দ কৰে সেয়া কেৱল পূব বা পশ্চিম পিনে মুখ কৰিলেই নহয়, আৰু কিবলা লৈ মতানৈক্য কৰাটোৱে সত্কৰ্ম নহয়। বৰং প্ৰকৃত সত্কৰ্মকাৰী সেইজন, যিয়ে অদ্বিতীয় আল্লাহৰ প্ৰতি ঈমান পোষণ কৰে, কিয়ামতৰ প্ৰতি ঈমান পোষণ কৰে, সকলো ফিৰিস্তা, সকলো ঐশী পুথি আৰু কাৰো প্ৰতি ভেদভাৱ নকৰি সকলো নবীৰ প্ৰতি ঈমান পোষণ কৰে। সম্পত্তিৰ মোহ আৰু লোভ থকাৰ পিছতো আত্মীয়স্বজন, অনাথ শিশু, অভাৱী ব্যক্তি, ঘৰ পৰিয়ালৰ পৰা দূৰত থকা যাত্ৰীসকল, প্ৰয়োজনত বাধ্য হৈ হাত প্ৰসাৰিত কৰা ব্যক্তিৰ ওপৰত নিজৰ ধন-সম্পদ ব্যয় কৰে তথা দাস মুক্তিৰ বাবে ব্যয় কৰে। সম্পূৰ্ণৰূপে আল্লাহে দেখুৱাই দিয়া পদ্ধতি অনুসাৰে ছালাত আদায় কৰে লগতে ফৰজ যাকাত আদায় দিয়ে। এইদৰে যিসকলে প্ৰতিশ্ৰুতি কৰাৰ পিছত সেয়া পূৰণ কৰে, অভাৱ-অনাটন আৰু বেমাৰত ধৈৰ্য ধাৰণ কৰে লগতে যুদ্ধৰ সময়ত পলায়ন কৰাৰ পৰিবৰ্তে দৃঢ়ভাৱে অটল থাকে। এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলেই নিজৰ ঈমান, আমলত সত্যবাদী আৰু আল্লাহৰ আদেশ পালনকাৰী তথা তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকা মুত্ত্বাক্বী বান্দা।