Assamese Abridged Explanation of the Quran
2:181 - 2:181

যিয়ে অছীয়তত হেৰফেৰ কৰিব অথবা অছীয়তৰ কথা জনাৰ পিছতো সেয়া জাৰি কৰিবলৈ অস্বীকাৰ কৰিব তেন্তে এই পৰিবৰ্তনৰ পাপ পৰিবৰ্তনকাৰীৰহে হব, অছীয়ত কৰ্তাৰ নহয়। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ কথা শ্ৰৱণকাৰী আৰু সিহঁতৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত। সিহঁতৰ কোনো অৱস্থাই তেওঁৰ পৰা গোপন নহয়।