Assamese Abridged Explanation of the Quran
2:183 - 2:183

হে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! তোমালোকৰ ওপৰত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা ৰোজা ফৰজ কৰা হৈছে, যিদৰে তোমালোকৰ পূৰ্বে অতিবাহিত হোৱা লোক সকলৰ ওপৰত ফৰজ কৰা হৈছিল। যাতে তোমালোকে আল্লাহক ভয় কৰা। লগতে নেক আমলক আল্লাহৰ শাস্তি আৰু নিজৰ মাজত আঁৰ কৰি লোৱা। আৰু আটাইতকৈ ডাঙৰ নেক আমলসমূহৰ অন্যতম হৈছে ৰোজা।