Assamese Abridged Explanation of the Quran
2:186 - 2:186

হে নবী! যেতিয়া মোৰ বান্দাই আপোনাক মোৰ নৈকট্য আৰু দুআ কবুল হোৱাৰ বিষয়ে সোধে, তেতিয়া সিহঁতক কৈ দিয়ক যে, মই অতি ওচৰত, সিহঁতৰ অৱস্থা সম্পৰ্কে মই জ্ঞাত আৰু সিহঁতৰ দুআ মই শ্ৰৱণ কৰো। সেয়ে সিহঁতৰ বাবে কোনো মাধ্যমৰ প্ৰয়োজন নাই আৰু উচ্চস্বৰে যিকিৰ কৰাৰো আৱশ্যকতা নাই। নিৰ্ভেজালভাৱে দুআকাৰীৰ মই দুআ কবুল কৰো। সেয়ে সিহঁতে কেৱল মোৰেই আদেশ পালন কৰা উচিত আৰু ঈমানৰ ওপৰত অবিচল থকা উচিত। কিয়নো এইটো মোৰ ওচৰত কৰা প্ৰাৰ্থনা গ্ৰহণযোগ্য হোৱাৰ উত্তম উপায়। যাতে সিহঁতে পাৰ্থিৱ আৰু আখিৰাতৰ কৰ্মত সঠিক পথ লাভ কৰিব পাৰে।