প্ৰথমাৱস্থাত এইটো বিধান আছিল যে, যদি কোনো ব্যক্তি ৰমজান মাহৰ ৰাতিত টোপনি যায় আৰু ফজৰৰ আগত সাৰ পায় তেন্তে ভোজন কৰিব নোৱাৰিব আৰু স্ত্ৰী সহবাসো কৰিব নোৱাৰিব। কিন্তু পিছত এই আদেশ ৰহিত কৰা হৈছে। হে মুমিনসকল! তোমালোকৰ বাবে ৰমজান মাহৰ ৰাতিত স্ত্ৰী সহবাস বৈধ কৰি দিয়া হৈছে। কাৰণ স্ত্ৰীসকল তোমালোকৰ পৰ্দা আৰু সন্মান ৰক্ষাৰ মাধ্যম, আৰু তোমালোকেও সিহঁতৰ পৰ্দা আৰু সন্মান ৰক্ষাৰ মাধ্যম। তোমালোকে পৰস্পৰে পৰস্পৰৰ পৰা অমুখাপেক্ষী হব নোৱাৰা। আল্লাহে অৱশ্যে জানে যে, তোমালোকে তেওঁৰ নিষেধকৃত কৰ্ম কৰি নিজৰ নফছৰ লগত বিশ্বাসঘাতকতা কৰি আছিলা। সেয়ে তেওঁ তোমালোকৰ ওপৰত কৃপা কৰি তোমালোকৰ তাওবা কবুল কৰিছে লগতে বিষয়টো সহজ কৰি দিছে। এতেকে এতিয়া তোমালোকে সহবাস কৰিব পাৰা, আৰু আল্লাহে ভাগ্যত লিখা সন্তান অনুসন্ধান কৰা। লগতে ৰাতিৰ অন্ধকাৰ ভেদি ফজৰৰ কিৰণ স্পষ্ট নোহোৱালৈকে আৰু ছুবেহ ছাদিক প্ৰকাশ নোপোৱালৈকে খোৱা আৰু পান কৰা (কোনো অসুবিধা নাই)। তাৰ পিছত প্ৰভাতৰ পৰা সূৰ্যাস্তলৈকে ৰোজা ভঙ্গ হোৱা সকলো কৰ্মৰ পৰা বিৰত থাকি ৰোজা সম্পূৰ্ণ কৰা। কিন্তু মছজিদত এতেকাফ কৰা অৱস্থাত স্ত্ৰী সহবাস নকৰিবা। কিয়নো ইয়াৰ দ্বাৰা এতেকাফ ভঙ্গ হব। উক্ত আদেশসমূহ হৈছে হালাল আৰু হাৰামৰ মাজত আল্লাহৰ সীমাৰেখা। এতেকে তোমালোকে উক্ত সীমাৰেখাৰ ওচৰতো নাযাবা। কিয়নো যিয়ে আল্লাহৰ সীমাৰেখাৰ নিকটৱৰ্তী হব সি তাত প্ৰৱেশ কৰাৰ সম্ভৱনা বেছি। এই স্পষ্ট বিৱৰণৰ দৰে আল্লাহে তেওঁৰ নিদৰ্শনসমূহ স্পষ্টভাৱে বৰ্ণনা কৰে যাতে মানুহে তেওঁক ভয় কৰি তেওঁৰ আদেশৰ প্ৰতি আমল কৰে আৰু নিষেধকৃত বস্তুৰ পৰা দূৰত থাকে।