Assamese Abridged Explanation of the Quran
2:188 - 2:188

তোমালোকে ইজনে সিজনৰ সম্পদ অবৈধভাৱে ভক্ষণ নকৰিবা। যেনে- চুৰি, লুন্ঠণ, ঠগি খোৱা ইত্যাদি। লগতে সম্পত্তি সম্পৰ্কীয় কোনো মোকৰ্দমা অধিকাৰীসকলৰ ওচৰত এই উদ্দেশ্যে লৈ নাযাবা যে, মানুহৰ সম্পত্তিৰ এটা অংশ অন্যায়ভাৱে আত্মসাৎ কৰিব পাৰা। অথচ তোমালোকে জানা যে, নিশ্চয় আল্লাহে এইটো হাৰাম কৰিছে। কিয়নো হাৰাম বুলি জনাৰ পিছতো সেই গুনাহত লিপ্ত হোৱাটো অধিক ঘৃণনীয় আৰু শাস্তিও অতি কঠোৰ।