Assamese Abridged Explanation of the Quran
2:191 - 2:191

সিহঁতক য’তেই পোৱা হত্যা কৰা আৰু সিহঁতক সেই ঠাইৰ পৰা বহিষ্কাৰ কৰা য’ৰ সিহঁতে তোমালোকক বহিষ্কাৰ কৰিছিল অৰ্থাৎ মক্কাৰ পৰা। মুমিন ব্যক্তিক তেওঁৰ ধৰ্মৰ পৰা বাধা দিয়া আৰু তেওঁক কুফৰৰ পিনে উভতি যাবলৈ বাধ্য কৰাৰ ফলত যি ফিতনাৰ সৃষ্টি হয় সেয়া হত্যাতকৈও অধিক সাংঘাতিক। আৰু কাবা ঘৰৰ সন্মানৰ খাতিৰত তাৰ ওচৰত কাজিয়া নকৰিবা। কিন্তু যদি সিহঁতে যুদ্ধ আৰম্ভ কৰে তেন্তে সিহঁতক হত্যা কৰা। আৰু এনেকুৱা পৰিণাম- অৰ্থাৎ সন্মানিত মছজিদৰ ওচৰত যুদ্ধ কৰাৰ ফলস্বৰূপে হত্যা- কাফিৰসকলৰ প্ৰতিদান হোৱা উচিত।