Assamese Abridged Explanation of the Quran
2:195 - 2:195

তথা নিজৰ ধন-সম্পত্তি আল্লাহৰ আনুগত্যত ব্যয় কৰা, যেনে জিহাদ আদিত। লগতে আল্লাহৰ পথত ব্যয় আৰু জিহাদ পৰিত্যাগ কৰি নিজকে ধ্বংসৰ পথত ঠেলি নিদিবা। অথবা নিজক এনেকুৱা কৰ্মত নিয়োজিত নকৰিবা যিটো বিনাশৰ কাৰণ হব। আৰু নিজৰ ইবাদত, লেনদেন আৰু চৰিত্ৰ উত্তম হিচাপে গঢ়ি তোলা। নিশ্চয় আল্লাহে উত্তম চৰিত্ৰৱান লোকক পছন্দ কৰে আৰু তেওঁলোকক মহা প্ৰতিদান দিয়ে, লগতে সুপথত চলাৰ তাওফীক প্ৰদান কৰে।