হজ্জ আৰু ওমৰাহ আল্লাহৰ সন্তুষ্টি অৰ্জনৰ উদ্দেশ্যে সম্পূৰ্ণৰূপে আদায় কৰা। যদি বেমাৰ-আজাৰ অথবা শত্ৰু নাইবা অন্য কোনো কাৰণত হজ্জ ওমৰাহ পালন কৰাত বাধাগ্ৰস্ত হোৱা তেন্তে ইহৰামৰ পৰা হালাল হ'বলৈ কোৰবানী এটা দিব লাগিব; উট, গৰু অথবা ছাগলী যিটো উপলব্ধ হয় সেইটোৱে জবেহ কৰিব লাগিব। আৰু মূৰ তেতিয়ালৈকে নুখুৰাবা যেতিয়ালৈকে কোৰবানীৰ জন্তু সেই ঠাইত উপস্থিত নহ'ব যি ঠাইত তাক জবেহ কৰা বৈধ। যদি হৰমত উপস্থিত হোৱাৰ আগতেই বাধা দিয়া হয় তেন্তে সেই ঠাইতে জবেহ কৰা, য’ত বাধা দিয়া হৈছে। কিন্তু যদি হৰমত যাবলৈ বাধাগ্ৰস্ত নোহোৱা তেন্তে কোৰবানীৰ দিনা আৰু তাৰ পিছত তাশ্বৰীকৰ দিনবোৰতো কোৰবানী কৰিব পাৰিবা। কিন্তু তোমালোকৰ মাজৰ কোনোবাই যদি অসুস্থ হয় অথবা মূৰৰ চুলিত কোনো অসুবিধা হ'লে; যেনে ওকণি আদি, আৰু ইয়াৰ ফলত সময়ৰ আগতে মূৰ খুৰাবলগীয়া হয় তেন্তে তাৰ বাবে কোনো অসুবিধা নাই। কিন্তু সি ফিদিয়া আদায় দিব লাগিব। ফিদিয়া হিচাপে তিনিটা ৰোজা ৰাখিব লাগিব অথবা মক্কাৰ ৬জন মিছকিনক খাদ্য খোৱাব লাগিব নাইবা এটা ছাগলী জবেহ কৰি মক্কাৰ দৰিদ্ৰসকলৰ মাজত বন্টন কৰিব লাগিব। কিন্তু যদি কোনো ভয়-ভীতিৰ পৰিৱেশ নাথাকে তেন্তে তোমালোকৰ মাজৰ যিয়ে হজ্জৰ মাহবোৰত ওমৰাহ আদায় কৰাৰ পিছত ইহৰাম খুলিব বিচাৰে আৰু হজ্জৰ আগ মূহুৰ্তলৈকে সেইসমূহ বস্তুৰ পৰা উপকৃত হ'ব বিচাৰে যিবোৰ ইহৰাম অৱস্থাত হাৰাম; এনেকুৱা ব্যক্তিয়ে নিজৰ সুবিধা অনুযায়ী কোৰবানী কৰা উচিত, অৰ্থাৎ এটা ছাগলী জবেহ কৰিব, অথবা উট নাইবা গৰুত সাতজন লোক অংশী হ'ব। যদি কোৰবানী দিয়াৰ সামৰ্থ নাথাকে তেন্তে ইয়াৰ পৰিবৰ্তে হজ্জৰ দিনবোৰত তিনিটা ৰোজা ৰাখিব আৰু ঘৰত উভতি অহাৰ পিছত সাতটা ৰোজা ৰাখিব লাগিব। এইদৰে সৰ্বমুঠ দহটা ৰোজা ৰাখিব লাগিব। দৰাচলতে কোৰবানী অথবা ইয়াৰ সামৰ্থ নথকা ব্যক্তিৰ বাবে ৰোজা পালন কৰাৰ অনিবাৰ্যতাৰ লগতে (ওমৰাহ আৰু হজ্জৰ মধ্যৱৰ্তী সময়ত) ইহৰাম খোলাৰ যিটো অনুমতি দিয়া হৈছে সেয়া মক্কাৰ অধিবাসীসকলৰ বাবে নহয়। শুনা! আল্লাহৰ চৰীয়তৰ অনুসৰণৰ লগতে তেওঁৰ সীমাৰেখাক সন্মান কৰি তেওঁক ভয় কৰা। জানি থোৱা! আল্লাহে তেওঁৰ আদেশ লংঘনকাৰীক কঠিন শাস্তি দিয়ে।