যেতিয়া হজ্জৰ কাৰ্যাৱলী সম্পূৰ্ণ কৰিবা তেতিয়া আল্লাহক স্মৰণ কৰিবা আৰু তেওঁৰ অধিক প্ৰশংসা কৰিবা, যিদৰে তোমালোকে নিজৰ পূৰ্বপুৰুষক লৈ গৌৰৱ কৰা আৰু সিহঁতৰ প্ৰশংসা কৰা; অথবা নিজৰ পুৰ্বপুৰুষ সকলতকৈও অধিক আল্লাহক স্মৰণ কৰিবা। কিয়নো তোমালোকে যি যি নিয়ামতৰ অধিকাৰী হৈছা, সেই সকলো আল্লাহেই প্ৰদান কৰিছে। যদিও মানুহে বিভিন্ন পন্থা অৱলম্বন কৰিছে। কিছুমান হৈছে কাফিৰ আৰু মুশ্বৰিক, যিসকলে কেৱল পাৰ্থিৱ জীৱনৰ প্ৰতিহে বিশ্বাস পোষণ কৰে। সেয়ে সিহঁতে কেৱল নিজ প্ৰতিপালকৰ পৰা তেওঁৰ অনুগ্ৰহ আৰু সৌন্দৰ্যৰ বস্তু যেনে- সুস্থতা, ধন-সম্পত্তি আৰু সন্তানৰ বাহিৰে আন একো নিবিচাৰে। এনেকুৱা ব্যক্তিসকলৰ পাৰ্থিৱ জীৱনৰ মোহ আৰু আখিৰাতৰ পৰা বিমুখতাৰ কাৰণে, সেই বস্তুসমূহৰ মাজত সিহঁতৰ কোনো অংশ নাথাকিব যিবোৰ আল্লাহে তেওঁৰ মুমিন বান্দাসকলৰ বাবে আখিৰাতত প্ৰস্তুত কৰি ৰাখিছে।