Assamese Abridged Explanation of the Quran
2:206 - 2:206

যেতিয়া এই বিপৰ্যয়কাৰী সকলক উপদেশ দি কোৱা হয় যে, আল্লাহৰ সীমাৰেখাৰ সন্মান কৰা আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰা। তেতিয়া তাৰ অভিমানে তাক সত্য পিনে উভতিবলৈ বাধা দিয়ে আৰু সি গুনাহত আৰু অধিক আগুৱায় যায়। এতেকে তাৰ বাবে জাহান্নামেই যথেষ্ট, আৰু জাহান্নাম বৰ নিকৃষ্ট ঠাই আৰু অত্যন্ত বেয়া আৱাসস্থল।