Assamese Abridged Explanation of the Quran
2:210 - 2:210

চয়তানৰ পদানুসৰণকাৰী সকলে আৰু সত্পথৰ পৰা পথভ্ৰষ্ট লোকসকলে কেৱল ইয়াৰ অপেক্ষাত আছে যে, সিহঁতৰ ফয়চালা কৰিবলৈ ক্বিয়ামতৰ দিনা আল্লাহে নিজৰ মৰ্যদা আৰু প্ৰতাপ অনুযায়ী মেঘৰ ছাঁত আহিব আৰু তেওঁৰ লগত থাকিব ফিৰিস্তাসকল, সিহঁতক চাৰিওফালৰ পৰা পৰিবেষ্টন কৰিব, সেই সময়ত সিহঁতৰ বিষয়ে আল্লাহৰ ফয়চালা সম্পন্ন হব। দৰাচলতে সৃষ্টিজগতৰ সকলো বিষয় কেৱল আল্লাহৰ পিনেই প্ৰত্যাৱৰ্তন কৰে।