Assamese Abridged Explanation of the Quran
2:225 - 2:225

আল্লাহে তোমালোকৰ অনিচ্ছাকৃত শপত সম্পৰ্কে সোধ-পোচ নকৰিব। যেনে- কথায় কথায় কোনোবাই কয়ঃ আল্লাহৰ শপত! এইটো এনেকুৱা নহয়। আল্লাহৰ শপত! এয়া সত্য। এনেকুৱা শপতৰ বাবে কোনো কাফফাৰাও দিব নালাগে আৰু কোনো শাস্তিও নাই। কিন্তু সেইসমূহ শপতৰ বিষয়ে নিশ্চয় সোধ-পোচ কৰিব যিবোৰ তোমালোকে স্ব-ইচ্ছাই খাইছিলা। নিশ্চয় আল্লাহ তেওঁৰ বান্দাৰ গুনাহৰ প্ৰতি ক্ষমাশীল। আৰু তেওঁ সহনশীল, শাস্তি প্ৰদানত খৰধৰ নকৰে।