Assamese Abridged Explanation of the Quran
2:226 - 2:226

যিসকলে নিজৰ স্ত্ৰীৰ লগত সহবাস নকৰাৰ শপত খায়, সিহঁতে শপত খোৱাৰ পিছৰ পৰা অধিকতম চাৰি মাহ লৈকে প্ৰতীক্ষা কৰিব পাৰিব। ইয়াকে ঈলা বুলি কয়। যদি সিহঁতে সহবাস নকৰাৰ শপত খোৱাৰ পিছত চাৰি মাহৰ ভিতৰতে শপত উঠায় লয় আৰু স্ত্ৰীৰ লগত সহবাস কৰে তেন্তে আল্লাহ ক্ষমাশীল। সিহঁতক ক্ষমা কৰি দিব আৰু তেওঁ সিহঁতৰ ওপৰত স্নেহশীল, সেই কাৰণে তেওঁ এই শপতৰ পৰা ওলাবলৈ কাফফাৰাৰ দৰে পথ সুলভ কৰি দিছে।