Assamese Abridged Explanation of the Quran
2:231 - 2:231

যেতিয়া তোমালোকে নিজৰ স্ত্ৰীক তালাক দিয়া আৰু সিহঁতৰ ইদ্দত শেষ হোৱাৰ উপক্ৰম হয় তেতিয়া তোমালোকে ইচ্ছা কৰিলে তাইক ৰাখিব পাৰা অথবা ইদ্দত শেষ হোৱাৰ পাছত (সমাজত প্ৰচলিত) নিয়মানুসাৰে এৰি দিব পাৰা। সিহঁতক অন্যায়-অত্যাচাৰ কৰাৰ উদ্দেশ্যে ওভোতাই নলবা, যিদৰে অজ্ঞতা যুগত কৰা হৈছে। যিয়ে সিহঁতক ক্ষতি কৰাৰ উদ্দেশ্যে ওভোতাই লব সি নিজকে গুনাহ আৰু শাস্তিৰ হকদাৰ বনাই নিজৰে অন্যায় কৰিব। আল্লাহৰ আয়াতসমূহৰ লগত ঠাট্টা-বিদ্ৰূপ আৰু ধেমালি কৰাৰ সাহস নেদেখুৱাবা। লগতে আল্লাহৰ নিয়ামতসমূহ স্মৰণ কৰা, আৰু তেওঁৰ নিয়ামতসমূহৰ অন্যতম হৈছে, তেওঁ তোমালোকৰ প্ৰতি কোৰআন আৰু ছুন্নত অৱতীৰ্ণ কৰিছে। ইয়াৰ দ্বাৰা আল্লাহে তোমালোকক উপদেশ দিয়ে, কেতিয়াবা সতৰ্ক কৰে আকৌ কেতিয়াবা প্ৰেৰণা প্ৰদান কৰে। এতেকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰা; আৰু জানি থোৱা! নিশ্চয় আল্লাহ প্ৰত্যেক বস্তু সম্পৰ্কে সম্যক আৱগত। কোনো বস্তু তেওঁৰ পৰা গোপন নহয়। অনতিপলমে তেওঁ তোমালোকৰ আমলৰ প্ৰতিদান দিব।