Assamese Abridged Explanation of the Quran
2:233 - 2:233

মাতৃসকলে নিজৰ সন্তানক সম্পূৰ্ণ দুবছৰ গাখীৰ খোৱাব। দুবছৰৰ এই সময় সীমা সেই ব্যক্তিৰ বাবে, যিয়ে গাখীৰ খোৱাৰ ম্যাদ সম্পূৰ্ণ কৰিব বিচাৰে। তালাকপ্ৰাপ্তা মাকক গাখীৰ পান কৰোৱাৰ বিনিময়ত শিশুৰ পিতৃয়ে প্ৰচলিত নিয়মানুসাৰে খৰচ বহন কৰিব লাগিব, এনেকুৱা নিয়ম যিটো চৰীয়ত বিৰোধী নহয়। আল্লাহে কোনো ব্যক্তিৰ ওপৰত তাৰ সাধ্যাতীত কোনো বোজা অৰ্পন নকৰে। পিতৃ-মাতৃয়ে শিশুক ইজনে সিজনক আঘাত দিয়াৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা উচিত নহয়। আৰু যদি পিতৃ নাথাকে আৰু শিশুৰ ওচৰত সম্পত্তিও নাথাকে তেন্তে শিশুৰ উত্তৰাধিকাৰীসকলৰ ওপৰতো সিমানেই অধিকাৰ আছে যিমান পিতৃৰ ওপৰত আছে। যদি পিতৃ-মাতৃ উভয়ে দুবছৰত গাখীৰ এৰোৱাব খোজে লগতে উভয়ে শিশুৰ উপকাৰ সন্মুখত ৰাখি পৰামৰ্শ কৰাৰ পিছত এই নিৰ্ণয় লয় তেন্তে সিহঁতৰ কোনো গুনাহ নহব। আৰু যদি তোমালোকে নিজৰ শিশুৰ বাবে মাকৰ বাহিৰে আন কোনো ধাত্ৰীৰ জৰিয়তে স্তন পান কৰোৱাব বিচৰা তেন্তে তোমালোকৰ কোনো গুনাহ নহয়, যদি তোমালোকে ধাত্ৰীক তাইৰ পাৰিশ্ৰমিক সুকলমে আদায় দিয়া। এতেকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰা; আৰু জানি থোৱা! নিশ্চয় আল্লাহ তোমালোকৰ আমল সম্পৰ্কে সম্যক অৱগত। তোমালোকৰ কোনো আমল তেওঁৰ পৰা গোপন নহয়। অনতিপলমে তেওঁ তোমালোকৰ আমলৰ প্ৰতিদান দিব।