Assamese Abridged Explanation of the Quran
2:249 - 2:249

যেতিয়া তালূতে তেওঁৰ সৈন্য বাহিনী লৈ ৰাৱানা হল, তেতিয়া তেওঁ নিজৰ সৈন্য বাহিনীক উপদেশ দি কলেঃ নিশ্চয় আল্লাহে তোমালোকক এটা নদীৰ দ্বাৰা পৰীক্ষা কৰিব। যিয়ে সেই নদীৰ পৰা পানী পান কৰিব সি মোৰ পথৰ পদাচাৰী নহয় লগতে সি মোৰ লগত থাকি যুদ্ধও কৰিব নোৱাৰিব। আনহাতে যিয়ে তাৰ পৰা পানী পান নকৰিব সি মোৰ পথৰ অনুসাৰী লগতে সি মোৰ লগত থাকি যুদ্ধ কৰিব পাৰিব। কিন্তু কোনোবাই যদি বাধ্য হৈ এচলু পানী পান কৰে তেন্তে কোনো অসুবিধা নাই। এতেকে সৈন্যবাহিনীৰ কেৱল কিছু সংখ্যক লোকেহে প্ৰচণ্ড গৰমত ধৈৰ্য ধাৰণ কৰিছিল আৰু বাকী সকলোৱে তাৰ পৰা পানী পান কৰিছিল। যেতিয়া তালূত আৰু মুমিনসকলে নদী পাৰ কৰিলে তেতিয়া কিছুমান সৈন্যই কলেঃ আজি আমাৰ ওচৰত জালূত আৰু তাৰ সৈন্যবাহিনীৰ লগত যুদ্ধ কৰাৰ শক্তি নাই। কিন্তু সেই সময়ত কিছুমান এনেকুৱা ব্যক্তিয়ে যিসকলে ক্বিয়ামতৰ দিনা আল্লাহৰ লগত সাক্ষাৎ সম্পৰ্কে বিশ্বাস পোষণ কৰিছিল তেওঁলোকে কলেঃ তোমালোকে জানানে, ঈমান্দাৰসকলৰ বহুতো সৰু-সুৰা দলে আল্লাহৰ অনুমতি আৰু তেওঁৰ সহায়ত কাফিৰসকলৰ ডাঙৰ ডাঙৰ দলক পৰাজিত কৰিছে। এতেকে সহায়-সহযোগিতাৰ মূল উত্স হৈছে ঈমান, সংখ্যাগৰিষ্ঠতা নহয়। আৰু আল্লাহে তেওঁৰ ধৈৰ্যশীল বান্দাসকলক লগ দিয়াৰ লগতে সহায়- সহযোগিতা আৰু সমৰ্থন প্ৰদান কৰে।