Assamese Abridged Explanation of the Quran
2:257 - 2:257

আল্লাহ ঈমান্দাৰসকলৰ অভিভাৱক। তেওঁ সিহঁতক তাওফীক দিয়ে আৰু সিহঁতক সহায় কৰে লগতে সিহঁতক অজ্ঞতা আৰু কুফৰৰ অন্ধকাৰৰ পৰা জ্ঞান আৰু ঈমানৰ পোহৰৰ পিনে উলিয়াই আনে। আনহাতে যিসকলে কুফৰ কৰে সিহঁতৰ অভিভাৱক হৈছে মূৰ্তি আৰু সমকক্ষসকল। যিসকলে সিহঁতৰ বাবে কুফৰক সুসজ্জিত কৰিছে। আৰু সিহঁতক জ্ঞান আৰু ঈমানৰ পোহৰৰ পৰা উলিয়াই কুফৰ আৰু অজ্ঞতাৰ অন্ধকাৰত লৈ আহিছে। সিহঁতেই জাহান্নামৰ অধিবাসী, তাত সিহঁত চিৰকাল থাকিব।