Assamese Abridged Explanation of the Quran
2:259 - 2:259

অথবা আপুনি সেই ব্যক্তিৰ দৰে আন কোনো ব্যক্তি দেখিছে নেকি? যিজন ব্যক্তিয়ে এনেকুৱা এটা গাওঁৰ মাজেৰে অতিক্ৰম কৰিছিল যি গাওঁৰ ঘৰ দুৱাৰ বিনষ্ট হৈছিল আৰু তাত থকা অধিবাসীসকল ধ্বংস হৈছিল আৰু সেই গাওঁ ভয়াৱহ আৰু জনশূন্য হৈ গৈছিল। ব্যক্তিজনে আচৰিত হৈ কলে, আল্লাহে এই গাওঁবাসীক মৃত্যুৰ পিছত আকৌ কেনেকৈ জীৱিত কৰিব? ফলত আল্লাহে তেওঁক এশ বছৰৰ বাবে মৃত্যু প্ৰদান কৰিলে। পুনৰ তেওঁক জীৱিত কৰিলে আৰু সুধিলেঃ তুমি কিমান সময় মৃত হৈ আছিলা? তেওঁ উত্তৰ দিলেঃ মই এদিন অথবা কেই ঘন্টামান মৃত হৈ আছিলো। আল্লাহে তেওঁক জনালে যে, বৰং তুমি সম্পূৰ্ণ এশ বছৰ মৃত অৱস্থাত আছিলা। ইয়াৰ পিছতো তোমাৰ খাদ্যসামগ্ৰীৰ পিনে চোৱা, সেয়া আগৰ দৰেই সতেজ হৈ আছে, কোনো পৰিবৰ্তন হোৱা নাই। যদিও খাদ্য সামগ্ৰী অতি সোনকালে বেয়া হয়। আনহাতে তোমাৰ মৃত গাধটোৰ পিনে চোৱা। আমি তোমাৰ লগত এনেকুৱা এই বাবে কৰিলো যাতে তোমাক মানুহৰ বাবে নিদৰ্শন বনাব পাৰি যে, আল্লাহে পুনৰজীৱিত কৰিবলৈ সম্পূৰ্ণ সক্ষম। তোমাৰ মৃত গাধটোৰ হাড়খিনিলৈ চোৱা, কেনেকৈ সিচৰিত হৈ আছে। চোৱা! আমি কেনেকৈ এইবোৰক একত্ৰিত কৰি সংযুক্ত কৰো আৰু কেনেকৈ ইয়াৰ ওপৰত মাংস লগাই দিওঁ আৰু চোৱা কেনেকৈ আমি ইয়াক জীৱন দান কৰো। যেতিয়া তেওঁ এই দৃশ্য দেখা পালে, তেতিয়া তেওঁৰ ওচৰত সত্য উদ্ঘাটন হ'ল আৰু আল্লাহৰ শক্তি স্বীকাৰ কৰি কলে, মই জানো যে, আল্লাহ সকলো বিষয়ত ক্ষমতাৱান।