Assamese Abridged Explanation of the Quran
2:265 - 2:265

সেই সকল মুমিনৰ উদাহৰণ যিসকলে অন্তৰেৰে পূৰ্ণ বিশ্বাসৰ সৈতে, কোনো ধৰণৰ জোৰ-জবৰদস্তি নোহোৱাকৈ আল্লাহৰ সন্তুষ্টি অৰ্জন কৰাৰ বাবে নিজৰ সম্পদ ব্যয় কৰে, তেওঁলোকৰ উদাহৰণ সেই বাগানৰ দৰে যিটো ওখ স্থানত অৱস্থিত। ধাৰাসাৰ বৰষুণ হলে সেই বাগানত দ্বিগুণ ফল উত্পন্ন হয়। আনহাতে বেছি বৰষুণ নহলেও ভাল মাটি হোৱাৰ বাবে অলপ বৰষুণেই যথেষ্ট হয়। নিষ্ঠাৰ সৈতে ব্যয়কাৰী সকলৰো এনেকুৱাই অৱস্থা। আল্লাহে সেয়া কবুল কৰে আৰু তাৰ নেকী বৃদ্ধি কৰি দিয়ে, যদিও তাৰ ব্যয়ৰ পৰিমাণ কম। আল্লাহে তোমালোকৰ কৰ্ম দেখি আছে। এতেকে যিসকলে দেখুৱাবলৈ নেক কাম কৰে আৰু যিসকলে নিষ্ঠাৰ সৈতে কাম কৰে, সিহঁত উভয়ৰ অৱস্থা আল্লাহৰ পৰা গোপন নহয়। আল্লাহে প্ৰত্যেককে সেই অনুপাতেই প্ৰতিদান দিব যিটোৰ সি উপযুক্ত।