Assamese Abridged Explanation of the Quran
2:267 - 2:267

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসৰণকাৰী সকল! নিজে উপাৰ্জন কৰা পৱিত্ৰ হালাল সম্পদৰ পৰা ব্যয় কৰা লগতে ব্যয় কৰা খেতিৰ পৰা উত্পাদিত ফচলৰ এটা অংশ, যিটো আমি তোমালোকৰ বাবে উত্পন্ন কৰিছো। আৰু এনেকুৱা পেলনীয়া বস্তু ব্যয় কৰাৰ সংকল্প নকৰিবা যিটো তোমালোকক দিলে তোমালোকে নিজেই গ্ৰহণ নকৰিবা, হয়তো বাধ্যত পৰি গ্ৰহণ কৰিব পাৰা। এতেকে যিটো তোমালোকে নিজৰ বাবে পছন্দ নকৰা সেইটো আল্লাহৰ বাবে কিয়? নিৰ্বাচন কৰা জানি থোৱা! আল্লাহ তোমালোকৰ ব্যয়ৰ পৰা অমুখাপেক্ষী আৰু তেওঁৰ সত্ত্বা তথা তেওঁৰ কৰ্ম প্ৰশংসনীয়।