Assamese Abridged Explanation of the Quran
2:269 - 2:269

আল্লাহে যাক ইচ্ছা কৰে কথাত সত্যতা আৰু কৰ্মত শুদ্ধতা প্ৰদান কৰে। আৰু যাক এই গুণ প্ৰদান কৰা হৈছে তাক অসংখ্য কল্যাণ প্ৰদান কৰা হৈছে। আল্লাহৰ নিদৰ্শনৰ পৰা কেৱল সেইজন বুদ্ধিমানেই শিক্ষা গ্ৰহণ কৰে যিয়ে তেওঁৰ নুৰৰ পৰা পোহৰ গ্ৰহণ কৰে আৰু তেওঁৰ নিৰ্দেশিত পথত পৰিচালিত হয়।