Assamese Abridged Explanation of the Quran
2:275 - 2:275

যিসকলে সুতৰ লেন দেন কৰে তথা সুত খায়, সিহঁতে ক্বিয়ামতৰ দিনা কবৰৰ পৰা এনেকৈ উঠিব, যিদৰে চয়তানে স্পৰ্শ কৰা ব্যক্তিয়ে উঠে। সি কবৰৰ পৰা এনেকৈ থিয় হ'ব যিদৰে মিৰ্গী ৰোগীয়ে থৰক বৰক কৈ থিয় হয়। এনেকুৱা এই কাৰণেই হ'ব যে, সিহঁতে সুতক বৈধ বুলি ভাৱে লগতে আল্লাহে হালাল কৰা ব্যৱসায় আৰু সুতৰ মাজত কোনো পাৰ্থক্য নকৰে। সিহঁতে কয়, সুত ব্যৱসায়ৰ দৰেই। উভয়টোতে ধন বৃদ্ধি হয়। এতেকে আল্লাহে সিহঁতৰ কথা খণ্ডন কৰিছে, সিহঁতৰ যুক্তি ৰদ্দ কৰিছে, সিহঁতক অস্বীকাৰ কৰিছে আৰু স্পষ্ট কৰিছে যে, আল্লাহে ব্যৱসায় বৈধ কৰিছে। কিয়নো ইয়াত সৰ্বসাধাৰণৰ কল্যাণ আছে আনহাতে সুতক হাৰাম কৰিছে, কিয়নো ইয়াত অন্যায় আৰু আনৰ ধন আত্মসাত কৰাৰ পথ আছে। এতেকে নিজ প্ৰতিপালকৰ তৰফৰ পৰা সুতৰ পৰা বিৰত থকাৰ আৰু সতৰ্ক থকাৰ উপদেশ অহাৰ পিছত যিয়ে ইয়াৰ পৰা বিৰত থাকিব আৰু তাওবা কৰিব তেন্তে ইতিপূৰ্বে যি সুতৰ লেন-দেন কৰিছে ইয়াৰ ওপৰত তাৰ কোনো গুনাহ নহ'ব। তথা তাৰ ভৱিষ্যতৰ বিষয় আল্লাহৰ অধীনত থাকিব। কিন্তু আল্লাহৰ ফালৰ পৰা স্পষ্ট আদেশ অহাৰ পিছতো যিয়ে সুতৰ লেন-দেন কৰিব, সি নিশ্চিতভাৱে জাহান্নামত প্ৰৱেশ কৰিব আৰু তাত চিৰস্থায়ী হ'ব। জানি থোৱা উচিত যে, ইয়াত চিৰস্থায়ী মানে হৈছে দীৰ্ঘ সময় থাকিব। কিয়নো জাহান্নামত চিৰস্থায়ী কেৱল কাফিৰসকলেহে থাকিব। তাওহীদৰ ওপৰত প্ৰতিষ্ঠিত ব্যক্তি তাত চিৰস্থায়ী নহ'ব।