Assamese Abridged Explanation of the Quran
2:280 - 2:280

আৰু যাক তুমি ঋণ পৰিশোধ কৰাৰ তাগিদ কৰি আছা, যদি সি অভাৱী হয় আৰু ঋণ পৰিশোধ কৰাৰ সামৰ্থ নাৰাখে তেন্তে তাক ইমান সময় দিয়া যি সময়ত সি ধন উপাৰ্জন কৰিব পাৰিব আৰু ঋণ পৰিশোধ কৰিব পাৰিব। আনহাতে যদি তুমি ঋণ লোৱা ব্যক্তিক মাফ কৰি দিয়া আৰু সেই ধনখিনি তাক দান কৰি দিয়া অথবা কিছু অংশ মাফ কৰি দিয়া তেন্তে এয়া তোমাৰ বাবে অতি উত্তম। আল্লাহৰ ওচৰত ইয়াৰ কিমান যে গুৰুত্ব যদি তুমি জানিলাহেঁতেন!