Assamese Abridged Explanation of the Quran
3:1 - 3:1

আলিফ-লাম-মীম, এইবোৰক হৰূফে মুকাত্তাআত বুলি কোৱা হয়। এনেকুৱা আখৰ ছুৰা বাক্বাৰাৰ আৰম্ভণিতো আহিছে। এইবোৰ আখৰৰ জৰিয়তে ইংগিত কৰা হৈছে যে, গোটেই আৰববাসী আপ্ৰাণ চেষ্টা কৰাৰ পিছতো এনেকুৱা কুৰআন প্ৰস্তুত কৰিবলৈ সক্ষম নহয়। যদিও সম্পূৰ্ণ কোৰআন এইবোৰ আখৰৰেই সমষ্টি যিবোৰ এই ছুৰাৰ আৰম্ভণিত আহিছে আৰু যিবোৰ আখৰেৰে সিহঁতে শব্দ গঠণ কৰি কথা কয়।