Assamese Abridged Explanation of the Quran
3:3 - 3:4

হে নবী! তেওঁ আপোনাৰ ওপৰত সত্য সংবাদসহ আৰু ন্যায়পূৰ্ণ বিধানৰ সৈতে কোৰআন অৱতীৰ্ণ কৰিছে, ই পূৰ্বৱৰ্তী ঐশীপূথিসমূহৰ সমৰ্থক। উক্ত পুথিসমূহৰ মাজত কোনো মতবিৰোধ নাই। আপোনাৰ ওপৰত কোৰআন অৱতীৰ্ণ কৰাৰ পূৰ্বে মূছাৰ ওপৰত তাওৰাত আৰু ঈছাৰ ওপৰত ইঞ্জীল অৱতীৰ্ণ কৰিছিল। এই সকলো ঐশী পুথি মানুহৰ বাবে দ্বীন আৰু দুনিয়াৰ কল্যাণৰ ফালে পথপ্ৰদৰ্শক। আৰু তেওঁ ফুৰকান অৱতীৰ্ণ কৰিছে যাৰ জৰিয়তে সত্য আৰু অসত্য পাৰ্থক্য কৰিব পাৰি আৰু হিদায়ত আৰু ভ্ৰষ্টতা চিহ্নিত কৰিব পাৰি। আৰু যিয়ে আপোনাৰ ওপৰত অৱতীৰ্ণ হোৱা আয়াতসমূহ অস্বীকাৰ কৰিব তাৰ বাবে আছে কঠোৰ শাস্তি। আল্লাহ পৰাক্ৰমশালী, তেওঁৰ ওপৰত কোনেও শক্তি প্ৰয়োগ কৰিব নোৱাৰে। তেওঁ নিজ ৰাছুলসকলক অস্বীকাৰকাৰী সকলৰ আৰু তেওঁৰ আদেশ অমান্যকাৰী সকলৰ প্ৰতিশোধ লব।