হে নবী! তেৱেঁই আপোনাৰ ওপৰত কোৰআন অৱতীৰ্ণ কৰিছে। ইয়াত কিছুমান আয়াত আছে যাৰ অৰ্থ স্পষ্ট, যাৰ মাজত কোনো ধৰণৰ অস্পষ্টতা নাই। এইবোৰেই পুথিৰ মূল আৰু ইয়াৰ সংখ্যাও অধিক লগতে মতভেদৰ সময়ত এইবোৰ আয়াতেই মীমাংসাৰ উত্স। আনহাতে আন কিছুমান আয়াত আছে যিবোৰৰ একাধিক অৰ্থ থকাৰ সম্ভাৱনা থাকে। লগতে অধিকাংশ মানুহৰ বাবে সেইবোৰৰ অৰ্থ নিৰ্ণয় কৰা জটিল হয়। সেয়ে যিসকলৰ অন্তৰত বক্ৰতা আছে সিহঁতে মুহকাম (স্পষ্ট অৰ্থ থকা) আয়াতবোৰক আওকাণ কৰি মুতাশ্বাবিহ (একাধিক অৰ্থ থকা) আয়াতৰ পিছত লাগি থাকে। দৰাচল সিহঁতে ইয়াৰ দ্বাৰা সন্দেহ সৃষ্টি কৰিব বিচাৰে আৰু মানুহক বিভ্ৰান্ত কৰিব বিচাৰে আৰু নিজৰ ফালৰ পৰা এনেকুৱা ব্যাখ্যা কৰিব বিচাৰে যিটো সিহঁতৰ কু-মানসিকতাৰ অনুকূল। অথচ ইয়াৰ প্ৰকৃত অৰ্থ আৰু ইয়াৰ সঠিক ব্যাখ্যা আল্লাহৰ বাহিৰে আন কোনেও নাজানে। পক্ষান্তৰে গভীৰ জ্ঞানৰ অধিকাৰীসকলে কয়, আমি সম্পূৰ্ণ কোৰআনৰ প্ৰতি ঈমান পোষণ কৰো, কিয়নো ই সম্পূৰ্ণৰূপে আমাৰ প্ৰতিপালকৰ তৰফৰ পৰা অৱতীৰ্ণ। তেওঁলোকে মুতাশ্বাবেহ আয়াতৰ ব্যাখ্যা মুহকাম আয়াত অনুসাৰে কৰে। উপদেশ কেৱল সঠিক বিবেকৱান সকলেহে গ্ৰহণ কৰে।