Assamese Abridged Explanation of the Quran
3:18 - 3:18

আল্লাহে সাক্ষ্য প্ৰদান কৰিছে যে, তেৱেঁই একমাত্ৰ সত্য উপাস্য। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। এয়া তেওঁ ধৰ্ম তথা বিশ্ব সম্বন্ধীয় নিদৰ্শনসমূহ প্ৰতিষ্ঠা কৰি সাব্যস্ত কৰিছে, যিবোৰে তেওঁৰ একক উপাস্য হোৱাৰ প্ৰমাণ বহন কৰে। এই সাক্ষ্য ফিৰিস্তাসকলেও প্ৰদান কৰিছে আৰু জ্ঞানৱান লোকসকলেও তাওহীদ বৰ্ণনা কৰি মানুহক এইপিনে আহ্বান কৰি এই সাক্ষ্য প্ৰদান কৰিছে। এই সকলো লোকে আটাইতকৈ ডাঙৰ তথ্য অৰ্থাৎ এই সাক্ষ্য দিছে যে, আল্লাহ একক আৰু তেওঁ সৃষ্টিৰ ক্ষেত্ৰত আৰু চৰীয়ত প্ৰস্তুত কৰা বিষয়ত ন্যায়ৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ পৰাক্ৰমশালী, তেওঁক কোনেও পৰাজয় কৰিব নোৱাৰে। তেওঁ সৃষ্টি, পৰিচালনা আৰু চৰীয়ত প্ৰস্তুত কৰাৰ ক্ষেত্ৰত মহাপ্ৰজ্ঞাৱান।