নিশ্চয় আল্লাহৰ ওচৰত ইছলামেই হৈছে একমাত্ৰ মনোনীত ধৰ্ম। ইছলামৰ অৰ্থ হৈছে, একনিষ্ঠভাৱে কেৱল আল্লাহৰ আনুগত্য কৰা আৰু নিজকে তেওঁৰ ইবাদতৰ বাবে নিয়োজিত কৰা। লগতে সকলো ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা, বিশেষকৈ সৰ্বশেষ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম যাৰ জৰিয়তে ৰাছুলৰ শৃংখলা সমাপ্ত কৰা হৈছে। এতেকে তেওঁৰ চৰীয়তৰ বাহিৰে আন কোনো চৰীয়ত গ্ৰহণযোগ্য নহয়। ইয়াহুদী আৰু খৃষ্টানসকলে সিহঁতৰ ধৰ্মৰ মাজত যি বিভেদ সৃষ্টি কৰিছে আৰু বিভিন্ন দলত বিভক্ত হৈছে, ইয়াৰ একমাত্ৰ কাৰণ হৈছে, জ্ঞান আৰু প্ৰমাণ অহাৰ পিছতো পাৰ্থিৱ জীৱনৰ প্ৰতি সিহঁতৰ লোভ-লালসা আৰু ঈৰ্ষা। এতেকে যিয়ে ৰাছুলৰ প্ৰতি অৱতীৰ্ণ আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিব, সি জনা উচিত যে, আল্লাহে কুফৰকাৰীক আৰু ৰাছুলসকলক অস্বীকাৰকাৰীক অনতিপলমে শাস্তি বিহিব।