Assamese Abridged Explanation of the Quran
3:24 - 3:24

সত্যৰ পৰা মুখ ঘূৰাই লোৱা আৰু পলায়ন কৰাৰ এই অৱস্থা সিহঁতৰ এই বাবে যে, সিহঁতৰ দাবী ক্বিয়ামতৰ দিনা জুয়ে সিহঁতক কেৱল কেইদিন মানহে স্পৰ্শ কৰিব। তাৰ পিছত সিহঁতে জান্নাতত প্ৰৱেশ কৰিব। সিহঁতৰ এই মিছা আৰু অসত্য ভ্ৰমে সিহঁতক প্ৰৱঞ্চনাত ৰাখিছে আৰু সিহঁতে আল্লাহ আৰু তেওঁৰ দ্বীনৰ ওপৰত সাহস দেখুৱাইছে।